বিকাশৰ বাবে এটা এপষেক”ৰ সংগতি ৰাখি আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰী সৰিয়হতলীত তাৰকা গৃহ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ লগতে কেইবাটাও আধাৰশিলাৰ লগতে কেইবাটাও প্ৰকল্পৰ শুভ উদ্ধোধন কৰা হয়

  • “বিকাশৰ বাবে এটা এপষেক”ৰ সংগতি ৰাখি  আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰী সৰিয়হতলীত তাৰকা গৃহ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ লগতে কেইবাটাও আধাৰশিলাৰ লগতে কেইবাটাও প্ৰকল্পৰ শুভ উদ্ধোধন কৰা হয় মুঠ ৬৭৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে আজি ৯ টা কামৰ আধাৰশিলা স্হাপন কৰাৰ লগতে ৩ টা প্ৰকল্পৰ শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে ২০১২ চনৰ ২১ মে তাৰিখে তেতিয়াৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই তাৰকাগৃহৰ শিলান্যাশ কৰিছিল।। এই তাৰকাগৃহটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো 3D তাৰকাগৃহ হব। উল্লেখযোগ্য যে  অসম কৃষি বিশ্ব বিদ্যালয়ৰ অধীনস্থ নলবাৰী উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গবষেণা মহাবিদ্যালয়ৰ শুভ উদ্ধোধন,নলবাৰীত স্থাপন কৰা  উপ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ শুভ উদ্ধোধন,অসম মালাৰ অধীনত নিৰ্মিত  ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে ৯ নং ৰাজ্যিক ঘাইপথৰ সংযোগী বিদ্যানুৰাগী বিশ্বনাথ শৰ্মাৰ পথৰ শুভ উদ্ধোধনৰ লগতে নলবাৰী সৰিয়হতলীত প্ৰস্তাবিত জিলা ক্ৰিয়া প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্হাপন,নলবাৰী সংহত জিলা উপায়ুক্ত কাৰ্যলয়ৰ আধাৰশিলা স্থাপন আদিৰ লগতে অসম মালাৰ অধীনত মুকালমুৱা-জাগৰা- বনগাঁও পথ নিৰ্মাণৰ আাধাৰশিলা স্থাপনৰ লগতে নলবাৰী চহৰৰ মূল ৬ টা পথৰ উন্নীতকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী ক্ৰমে জয়ন্ত মল্ল বৰুৱা,কেশব মহন্ত৷ অজন্তা নেঁওগ৷ৰঞ্জিত কুমাৰ দাস ৰ লগতে প্ৰাক্তন বিধায়ক নাৰায়ণ ডকা আৰু অশোক শৰ্মাৰৰ উপৰি সিমান্ত শেখৰ নলবাৰী জিলা উপায়ুক্ত আদি