Latest

District at a Glance

  •  Division: Central Assam
  •  Headquarter: Nalbari
  •  Sub-Divisions: 0
  •  Revenue Circles: 7
  •  Development Blocks: 7
  •  Geographical Area: 2287 sq. km
  •  Population: 771639 (as per 2011 census)
  •  Literacy: 78.63%
  •  Revenue Villages: 472

Deputy Commissioner

Shri Gitimoni Phukan, ACS

Shri Gitimoni Phukan, ACS

Deputy Commissioner

Places of Interest

Hari Mandir Nalbari
Hari Mandir Nalbari

Built in 1965 on land donated by Rambahadur Pratap Narayan Choudhury, the temple is dedicated to Lord Krishna. In 1968 the puja Mandab was built with financial help from Lt. Damahuram  Mahajan.…

Events

Nalbari

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ আনন্দেৰে নলবাৰী আৰক্ষী নিৱেশৰ বাকৰিত আয়োজিত দেশৰ ৭৬তম স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি আজি অসম চৰকাৰৰ জনস্বাস্থ্য, পৰ্য্যটন তথা দক্ষতা বিকাশ ইত্যাদি বিভাগৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজি আমাৰ গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় ত্ৰিৰংগা উত্তোলন কৰে। পূৰ্বৰ দৰে এইবাৰো এক শান্তিপূৰ্ণ ও আড়ম্বৰপূৰ্ণ পৰিৱেশত দেশে ৭৫ বছৰীয়া স্বাধীনতাৰ পৰিক্ৰমা সম্পুৰ্ণ কৰাৰ আনন্দত আয়োজিত এই উদযাপন সুকুলমে আৰু মসৃনভাৱে অনুষ্ঠিত হৈ যায়।

আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই উদযাপন স্থলীত উপস্থিত হৈ প্ৰথম কুচকাৱাজ প্ৰদৰ্শনৰ বাবে সাজু হোৱা আৰক্ষী জোৱান, অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী জোৱান তথা বিভিন্ন শিক্ষানুষ্ঠানৰ দলসমূহ পৰিদৰ্শন কৰে আৰু তাৰ পাছতেই ঠিক পুৱা ৯ .০০ বজাৰ লগে লগে যথোচিত সন্মান প্ৰদৰ্শনেৰে আমাৰ সকলোৰে গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় ত্ৰিৰংগা উত্তোলন কৰে আৰু কুচকাৱাজ দলসমূহৰ অভিবাদন গ্ৰহণ কৰে।

স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী হিচাপে পতাকা উত্তোলনৰ পাছতেই নলবাৰী সমষ্টিৰ বিধায়ক তথা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা উপায়ুক্ত গীতিমনি ফুকন আৰু জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ সহিত নলবাৰী জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দী সকলৰ সৈতে মত বিনিময় কৰি ফল-মূল বিতৰণ কৰে আৰু তাৰ পাছতেই মন্ত্ৰী মহোদয়ে আই.চি.আই.চি. আই বেংক, নলবাৰী শাখাৰ সহযোগত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়, নলবাৰী পৰিদৰ্শন কৰি ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় আৰু ফল-মূল বিতৰণ কৰে। ইয়াৰ উপৰিও আজিৰ মুখ্য অতিথি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মল্লাপাৰাত থকা ' Centre for Urban Homeless'ত উপস্থিত হৈ তাত আশ্ৰিত সকলৰ লগত ভাৱ বিনিময় কৰে আৰু ফল-মূল বিতৰণ কৰে।

আজিৰ উদযাপনৰ অংশ স্বৰূপে জিলাখনৰ ১৬টা দলে কুচ-কাৱাজ প্ৰদৰ্শন কৰিছিল আৰু অংশ গ্ৰহনকাৰী সকলৰ ভিতৰত নলবাৰী মহাবিদ্যালয়ৰ এন.চি. চি দলে প্ৰথম, নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ এন.চি. চি দলে দ্বিতীয় আৰু টিহু মহাবিদ্যালয়ৰ এন.চি. চি দলে তৃতীয় স্থান লাভ কৰে। আজিৰ সাংস্কৃতিক অনুষ্ঠানত তিনিখনকৈ শিক্ষানুষ্ঠানে অংশ লৈছিল আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তিনিওটা দলকেই সমভাৱে পুৰস্কৃত কৰা হয়।

আজিৰ উদযাপনৰ কিছু মুহূৰ্ত....